79
ওদালগুৰিঃ চিলাপথাৰ কাণ্ডৰ পাৰ্ট-৪ ইতিমধ্যে সংঘটিত হ’ল ৰাজ্যত৷ এইবাৰ নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰত সংঘটিত হ’ল চিলাপথাৰ কাণ্ডৰ পাৰ্ট-৪ কাণ্ড৷ দুৰ্বৃত্তই আক্ৰমণ কৰি জ্বলাই দিয়ে গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়। কেৱল কাৰ্যালয় জ্বলাই দিয়াতে ক্ষান্ত নাথাকি দুৰ্বৃত্তই সৰস্বতী পূজাৰ মৃণ্ময় মূৰ্তিৰ লগতে কাৰ্যালয়টোৰ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লণ্ড-ভণ্ড কৰে। গৌৰীপুৰ কাণ্ডৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অসমবাসী৷
