তেজপুৰ টাউনঃ চিলাপথাৰ কাণ্ড, নগাঁও কাণ্ড, জুৰীয়া কাণ্ডৰ পিছতেই অসমীয়াৰ আবেগ, অনুভূতিক ভৰিৰে মোহাৰি সন্দেহজনক লোকে এইবাৰ ধুবুৰীৰ গৌৰীপুৰত আছুৰ কাৰ্যালয় জ্বলাই দিয়ে৷ বুধবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিয়ে গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত।
কেৱল কাৰ্যালয় জ্বলাই দিয়াতে ক্ষান্ত নাথাকি দুৰ্বৃত্তৰ দলটোৱে কাৰ্যালয়টোৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰৰ ক্ষতিসাধন কৰে। এই ঘটনাৰ প্ৰতিবাদত শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই তেজপুৰতো কেইবাশতাধিক লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷