মৰিগাঁওঃ পথ মেৰমাতি কৰাৰ দাবীত শনিবাৰে ৰাজ পথলৈ ওলাই আহিল মহিলা৷ ৰাজ পথলৈ ওলাই আহি মহিলাসকলে চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ মৰিগাঁৱত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি৷ মৰিগাঁও জিলাৰ ভূৰাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মহিলাই নাম-কীৰ্তন কৰি পথ মেৰামতি কৰাৰ দাবী জনায়৷ ভূৰাগাঁৱত অঞ্চলটোৰ প্ৰায় শতাধিক মহিলা-আই মাতৃয়ে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।
চৰকাৰ বিৰোধি শ্ল’গানৰ বিপৰীতে পথত নাম-কীৰ্তন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ভূৰাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ লগতে অঞ্চলটোৰ আইমাতৃসকলে। বান বিধস্ত অঞ্চলটোৰ ভূৰাগাঁও-মৰিগাওঁ গড়কপ্তানী পথটো বিগত কেইবাবছৰ ধৰি মেৰামতি নকৰাত জৰাজীৰ্ণ হৈ পৰে৷ যাৰ বাবে ৰাইজে যমৰ-যাতনা ভোগ কৰি আহিছে৷ জৰাজীৰ্ণ পথত প্ৰসূতিক চিকিৎসালয়লৈ নিয়াৰ সময়তে সন্তান প্ৰসৱ কৰিব লগা হৈছিল। পথটোৰ দূৰৱস্থাৰ নিতৌ দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷