মঙলদৈঃ বনজ সম্পদ ৰক্ষাৰ দোহাই দি ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰিছিল অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰে৷ বনজ সম্পদৰ শ্ল’গান যেন শ্ল’গান হৈ থাকিল৷ চৰকাৰ খনৰ প্ৰায় ২০ মাহ পাৰ হ’ল যদিও ৰাজ্য চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই৷ বনজ সম্পদ ৰক্ষা কৰাটো দূৰৰ কথা আজিও কাজিৰঙাৰ গড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত সেউজীয়া পাহাৰ কাটি আজিও বন ধ্বংস কৰি আহিছে একাংশ লোকে৷
নদীৰ বুকু উদং কৰি অবাধ হাৰত খনন কৰিছে বালি আৰু শিলৰ বাবে৷ য’তে ত’তে গঢ়ি উঠিছে বালিৰ অবৈধ মহল। একাংশ ৰাজনৈতিক দলৰ নেতাৰ ছত্ৰছায়াত বালি মাফিয়াই নৈৰ খনৰ বুকু খান্দি ট্ৰাকে ট্ৰাকে বালি সৰবৰাহ কৰি আহিছে৷ ৰাজ্যৰ আন আন ঠাইৰ লগতে দৰং জিলাতো অব্যাহত আছে অবৈধ বালিৰ ব্যৱসায়। বন বিভাগৰ চকুৰ সন্মুখতে অবৈধ বালি অবাধ গতিত কঢ়িয়াই থকা পৰিলক্ষিত হৈছে৷ দৰং জিলাৰ মঙলদৈ সমষ্টিৰ লগতে ছিপাঝাৰত অবাধ হাৰত চলি আছে বালি ব্যৱসায়।