63
কোকৰাঝাৰঃ অসম ছাত্ৰ সন্থাৰ বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুছেইনৰ স্মৰণত প্ৰতিবছৰে অনুষ্ঠিত হৈ হোৱা আন্তঃ জিলা আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত অনুষ্ঠিত হৈছে। কোকৰাঝাৰ জিলা আছুৰ উদ্যোগত আৰু বালাজান তিনালী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কোকৰাঝাৰৰ বালাজান তিনালীৰ নিকটৰ গৌৰাং হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাত ৰাজ্যৰ ২৩টা ভলীবল দলে অংশগ্ৰহণ কৰিছে।
