গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ২৯টা জাতি-জনগোষ্ঠীয় সংগঠনে শুকুৰবাৰে মহানগৰীৰ হোটেল প্ৰাগ কন্টিনেন্টেলত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়৷ ৰাজ্যৰ কেবাটাও জনগোষ্ঠীক নেতৃত্ব দি অহা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকি ৰাজ্যখনৰ শেহতীয়া পৰিস্থিত সন্দৰ্ভত চিন্তা ব্যক্ত কৰে৷ বিশেষকৈ দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত তথা ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ অধ্যক্ষ হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনক গুৰুত্ব সহকাৰে লয় সংগঠনকেইটাই৷
ৰাজ্যৰ ৩৩ খন জিলাৰ ৬৩ লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত পৰা বুলি প্ৰতিবেদনত প্ৰকাশ পোৱা বিষয়টোক গুৰুত্ব সহকাৰে লয় সংগঠনকেইটাই৷ ৰাজ্যৰ ৯০ শতাংশ খিলঞ্জীয়াৰ ম্যাদী মাটি নাই বুলি প্ৰকাশ পোৱাৰ লগতে বিদেশীয়ে নিশাৰ ভিতৰতে অসমত মাটি লাভ কৰে বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে৷ হৰিশংকৰ ব্ৰহ্মৰ পক্ষত থিয় দি এশ শতাংশই সমৰ্থন আগবঢ়ায় জাতীয় সংগঠনসমূহে৷ হৰিশংকৰ ব্ৰহ্মক সম্পুৰ্ণ সহায়-সহযোগ কৰি যোৱাৰো প্ৰস্তাৱ লয় ২৯ জনগোষ্ঠীয় মঞ্চই৷