মৰিগাওঁঃ সদৌ অসম ছাত্ৰ সন্থাই আমাক জংঘলী দেশৰ বাসিন্দা বুলি ভাবিছে নেকি৷ আমাক বুঢ়া আঙুলি দেখুৱাইছে আছুৱে৷ অসমক নেতৃত্ব দিয়াৰ ক্ষমতা নাই আছু নেতাৰ৷ আছুই নেতাই মুখৰ কথাবোৰ স্পষ্ট কৰক৷ তেওঁলোকক অসমৰ প্ৰতিটো প্ৰান্তৰ লোকক, মায়ঙৰ লোকক অপমাণ কৰাৰ সাহস ক’ত পালে৷ যোৱা ১১ জানুৱাৰীত এনেদৰেই আক্ৰমণ কৰিছিল ৰাজ্যৰ ঐতিহ্যমণ্ডিত মৰিগাঁও জিলাৰ মায়ঙৰ নাগৰিকে৷
এখন সংবাদ মেল অনুষ্ঠিত কৰি মায়ঙৰ জ্যেষ্ঠ নাগৰিকে আছুক সমালোচনা কৰিছিল৷ সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিৰ অধিবেশন মায়ঙত অনুষ্ঠিত কৰিম বুলি আদৰণি সমিতি গঠন কৰাৰ পিছতে মায়ঙৰ পৰিবৰ্তে আন ঠাইত অধিবেশন অনুষ্ঠিত কৰাত জাঙুৰ খাই উঠিছিল মায়াঙবাসীয়ে৷ ১০ আৰু ১১ ফেব্ৰুৱাৰীত মায়ঙত মৰিগাঁও জিলা আছুৰ অধিবেশন অনুষ্ঠিত কৰাৰ কথা আছিল যদিওঁ হঠাতে স্থান সলনি কৰা অধিবেশনৰ আদৰণি সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মায়ঙৰ ৰাইজক অপমাণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷