কোকৰাঝাৰঃ অমৰনাথ তীৰ্থযাত্ৰীৰ ওপৰত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহনা দি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৱে আজি কোকৰাঝাৰত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা তীৰ্থযাত্ৰী সকলৰ আত্মাৰ শান্তিৰ কামনাৰে তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে বন্তি প্ৰজ্বলন কৰে ৷
আজি সন্ধিয়া ৭ বজাত এবিএমছুৰ উদ্যোগত কোকৰাঝাৰ চহৰস্থিত অভাৰব্ৰীজত ছাত্ৰ সংগঠনটোৰ দুই শতাধিক কৰ্মীয়ে বন্তি প্ৰজ্বলন কৰি সন্ত্ৰাসবাদৰ বৰ্বৰ কাণ্ডক ধিক্কাৰ দিয়ে ৷ বন্তি প্ৰজ্বলন কাৰ্যসূচীত এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদে অংশগ্ৰহণ কৰি অমৰনাথত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা লোক সকলৰ চিৰশান্তি কামনা কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে ৷