টিংখাংঃ ৰাজকোষৰ কোটি কোটি টকা খৰছ কৰি ৰাজ্যৰ প্ৰতিটো বিভাগে আঁচনি ৰূপায়ণ কৰে যদিও আঁচনি সমূহৰ পৰা সৰ্বসাধৰণে সুফল লাভ কৰা খুবেই কম দেখা যায়৷ আন হে নালাগে ৰাজ্যখনৰ জলসিঞ্চন বিভাগটোৰ আঁচনিসমূহৰ পৰা কৃষকে খেতি পথাৰত কেতিয়াও পানী নোপোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া৷
ৰাজ্যখনত বৃহৎ বৃহৎ পানী যোগান আঁচনি আছে যদিও তাৰ পৰা কৃষকে কেতিয়াও উপকৃত নহয়৷ ইয়াৰ মাজতে টিংখাঙৰ কৃষকে এটি আঁচনিৰ পৰা সুফল লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ টিংখাঙৰ চপাতলি জল উত্তোলন আঁচনিৰ পৰা পানী পোৱাটো দূৰৰে কথা আঁচনিৰ দেৱাল হাবিৰ মাজত জহি খহি যাবলৈহো আৰম্ভ কৰিছে।