অভয়াপুৰীঃ ৰাজ্য চৰকাৰে অসম আৰক্ষীক আধুনিকীকৰণৰ বাবে যিমানেই পদক্ষেপ গ্ৰহণ নকৰক কিয় সৰহ সংখ্যক অদক্ষ বিষয়াৰে ভৰি থকা গৃহ বিভাগটোৱে অধিকাংশ অভিযান সফলভাৱে ৰূপায়িত কৰাত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈ আহিছে। এনে এটা ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে।
শিলচৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ সন্ধানহীন জীয়ৰী কণমানি তৃষাক অসম আৰক্ষীয়ে যিমান তৎপৰতাৰে উদ্ধাৰ কৰিলে সেয়া শলাগ ল’বলগীয়া। তাৰ বিপৰীতে বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ ৩নং ৱাৰ্ডৰ বাসিন্দা শিক্ষক থানেশ্বৰ দাস আৰু পূৰবী সিংহৰ পুত্ৰ তথা শিলচৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰূপজ্যোতিৰ সন্ধানহীন হোৱাৰ প্ৰায় ২৫ দিন উকলি যোৱাৰ পিছতো কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীয়ে।