newsnextone.com | ৰঙিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ অব্যাহত আছে ৰাজ্যত৷ তাৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বুধবাৰে কামৰূপৰ ৰঙিয়াত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে এবিএমছুৱে৷

ৰঙিয়াৰ দ্বাৰকুছিত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত বুধবাৰে দিনৰ ১১ বজাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তামুলপুৰ জিলা এবিএমছুৱে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ সংগঠনটোৰ তামুলপুৰ জিলা সমিতিৰ প্ৰায় অৰ্ধ শতাধিক কৰ্মকৰ্তাই বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি নাগৰিক সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়৷

প্ৰতিবাদকাৰীসকলে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে। কাৰ্যসূচীত জিলা সমিতিৰ উপদেষ্টা আফজাল আলী, সভাপতি টাইচন হুছেইন, সম্পাদক জেহৰুল ইছলাম উপস্থিত থাকে৷