মুছলপুৰঃ এৱছু, এনডিএফবি প্ৰগতিশীলকে ধৰি কেইবাটাও বড়ো জনগোষ্ঠীৰ সংগঠনে পৃথক বড়ো ৰাজ্যৰ দাবীত ৰাজপথ উত্তাল কৰাৰ বিপৰীতে এইবাৰ পৃথক বড়ো ৰাজ্যৰ বিৰোধীতাৰে আন্দোলন ঘোষনা অবড়ো সুৰক্ষা সমিতিৰ।
আজি সংগঠনটোৰ সম্পাদক তথ মুখপাত্র যোগেশ্বৰ কলিতাই এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ২১ অক্টোবৰৰ দিনা সংগঠনটোৰ সভাপতি দেলৱাৰ হুছেইনৰ সভাপতিত্বত ৰঙিয়াত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ বিৰুদ্ধে ব্যাপক গনসংগ্ৰামৰ সিদ্ধান্ত লোৱা হয়।