কোকৰাঝাৰঃ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম শক্তিশালী ছাত্ৰ সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সমিতিৰ ৪৯সংখ্যাক  বাৰ্ষিক অধিবেশন তথা সোণালী জয়ন্তী উদযাপন বৰ্ষ কাইলৈৰ পৰা অৰ্থাৎ ১২ ,১৩, ১৪ আৰু ১৫ ফেব্ৰুৱাৰীত কোকৰাঝাৰত বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ জাংকৃথাই পথাৰৰ প্ৰায় ১০০০বিঘা মাটিকালি সাঙুৰি আৰু এক কোটি টকাৰ বাজেটেৰে কাইলৈৰ পৰা  অনুষ্ঠিত হ'বলগীয়া এবছুৰ অধিবেশনৰ প্ৰাৰম্ভিক কাম-কাজ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ।

এবছুৰ কেবাশতাধিক সেচ্ছাসেৱকে দিনে নিশাই কাম কৰি ইতিমধ্যে জাংকৃথাই পথাৰক নতুন ৰূপ দিছে । চালে চকুৰোৱা তোৰণ, সুবিশাল মণ্ডপ, আটকধুনীয়া জিৰণিচৰা, অনিন্নসুন্দৰ শ্বহীদ স্তম্ভ, সুশৃংখলিত পতাকা উত্তোলনতলী , বৃহৎ ভোজনালয় , প্ৰদৰ্শনী গৃহ আদি ইত্যাদিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠাৰ লগতে সমগ্ৰ পথছোৱাত এবছুৰ পতাকাৰে ভৰি পৰিছে ।

লক্ষাধিক জনতাৰ সমাগম হোৱালৈ চাই প্ৰায় ১৩০০ সেচ্ছাসেৱকে নিজ নিজ দায়িত্ব সূচাৰুৰূপে পালন কৰিবলৈ সম্পূৰ্ণভাৱে সাজু হৈ উঠিছে । অধিৱেশনৰ প্ৰথম দিনা অৰ্থাৎ ১২ ফেব্ৰুৱাৰীত পুৱা ৮ বজাত সোণালী জয়ন্তীৰ মূল তোৰণ উদ্বোধনেৰে অধিবেশনখনৰ শুভাৰম্ভ কৰিব সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা জনতা মহাবিদ্যালয়ৰ অধ্যক্ষ ড: সুবুং বসুমতাৰীয়ে ৷ ইয়াৰ পিছতে পুৱা ৮.১৫ বজাত স্বৰ্গীয় কনকেশ্বৰ নাৰ্জাৰী সোঁৱৰণী মূল মঞ্চ উদ্বোধন কৰিব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান তথা বিটিএডিৰ ভাৰপ্ৰাপ্ত আইজিপি  ড: এল আৰ বিষ্ণইয়ে। পুৱা ৯.১৫ বজাত প্ৰদৰ্শনী তথা গ্ৰন্থমেলা উদ্বোধন কৰিব বিটিচিৰ মুখ্য সচিব বি. চি . ফুকনে। আনহাতে বিয়লি ৩.৩০ বজাত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে সোণালী জয়ন্তী উদযাপন অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব য'ত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব বিদৰ্ভ আন্দোলনৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মহাধিবক্তা শ্ৰীহাৰি আন । সন্ধিয়া ৮ বজাত বড়ো জনপ্ৰিয় শিল্পী অৰুণ নাৰ্জাৰীয়ে " ডেংখৌমু চে-নৈ-থাম" সংগীত প্ৰতিযোগিতা উদ্বোধন কৰিব ।

অধিবেশনৰ দ্বিতীয় দিনা অৰ্থাৎ ১৩ ফেব্ৰুৱাৰীৰ দিনাখন পুৱা ৭:১৫ বজাত এবছুৰ পতাকা উত্তোলন কৰিব সংগঠনৰ সভাপতি প্ৰমোদ বড়োই । ৭:৪৫ বজাত বডোলেণ্ড সংগ্ৰামত প্ৰাণ আহুতি দিয়া শ্বহীদৰ পুণ্য স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব এবছুৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসম ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি ৰঞ্জিত বৰগয়াৰীয়ে । এনেদৰে ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত অধিবেশনথলীতে সৰ্বমুঠ ৩৩খন আলোচনাচক্ৰ অনুষ্ঠিত হব যত দেশ-বিদেশৰ বহু নামী-দামী সমল ব্যাক্তিয়ে অংশগ্ৰহন কৰিব ।

অধিবেশনৰ অন্তিমদিনা অৰ্থাৎ ১৫ ফেব্ৰুৱাৰীত এবছুৰ সভাপতি প্ৰমোদ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মেগাছেছে বঁটা বিজেতা আৰু ২০১৬ চনৰ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটাপ্ৰাপক তথা সামাজিক- ৰাজনৈতিক আৰু দূৰ্নীতিবিৰোধী আন্দোলনৰ নেত্ৰী অৰুণা ৰয়।

মুকলি সভাত নেপালৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা শ্ৰীকৃষ্ণ অনিৰুদ্ধ গৌতম, এনচিপিচিআৰৰ প্ৰাক্তন অধ্যক্ষ সান্থা সিনহা , অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰী , প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । অধিৱেশনথলীৰ প্ৰাংগণত  আজি এবছুৰ সভাপতি প্ৰমোদ বড়োই সদৰী কৰা মতে সোণালী জয়ন্তী উদযাপন কাৰ্যসূচী সকলোৰে বাবে স্মৰণীয় কৰি তোলাৰ বাবে এবছুৱে সম্ভৱপৰ সকলো ব্য়ৱস্থা হাতত লোৱা হৈছে। অধিৱেশনৰ পৰা সমাজলৈ এটা ভাল বাৰ্তা যাব বুলিও আশা প্ৰকাশ কৰে বড়োৱে।