কোকৰাঝাৰঃ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম শক্তিশালী ছাত্ৰ সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সমিতিৰ ৪৯সংখ্যাক বাৰ্ষিক অধিবেশন তথা সোণালী জয়ন্তী উদযাপন বৰ্ষ কাইলৈৰ পৰা অৰ্থাৎ ১২ ,১৩, ১৪ আৰু ১৫ ফেব্ৰুৱাৰীত কোকৰাঝাৰত বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ জাংকৃথাই পথাৰৰ প্ৰায় ১০০০বিঘা মাটিকালি সাঙুৰি আৰু এক কোটি টকাৰ বাজেটেৰে কাইলৈৰ পৰা অনুষ্ঠিত হ’বলগীয়া এবছুৰ অধিবেশনৰ প্ৰাৰম্ভিক কাম-কাজ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ।
এবছুৰ কেবাশতাধিক সেচ্ছাসেৱকে দিনে নিশাই কাম কৰি ইতিমধ্যে জাংকৃথাই পথাৰক নতুন ৰূপ দিছে । চালে চকুৰোৱা তোৰণ, সুবিশাল মণ্ডপ, আটকধুনীয়া জিৰণিচৰা, অনিন্নসুন্দৰ শ্বহীদ স্তম্ভ, সুশৃংখলিত পতাকা উত্তোলনতলী , বৃহৎ ভোজনালয় , প্ৰদৰ্শনী গৃহ আদি ইত্যাদিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠাৰ লগতে সমগ্ৰ পথছোৱাত এবছুৰ পতাকাৰে ভৰি পৰিছে ।