গুৱাহাটীঃ অসম মুলুকৰ পৰা দেশৰ সৰ্ব্বোচ্চ সাংবিধানিক পদত স্থলাভিষিক্ত প্ৰথমজন সুযোগ্য অসম সন্তান ফখৰুদ্দিন আলি আহমেদৰ আজি মৃত্যু বাৰ্ষিকী। ১৯৭৭ চনৰ আজিৰ দিনটোতে জীৱন নাট সামৰিছিল দেশৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদে।

কিন্তু আজি যেন পাহৰণিৰ গৰ্ভত এইজনা ব্যক্তি। এইজনা সুযোগ্য অসম সন্তানৰ কথা মনত নেপেলালে ৰজাঘৰীয়াৰ লগতে প্ৰজাঘৰীয়াইয়ো। এইগৰাকী সুযোগ্য অসম সন্তানৰ জন্ম হৈছিল ১৯০৫ চনৰ ১৩ মে'ত দিল্লীৰ হাউজ কাজী নামৰ এটা অঞ্চলত। ৰাজনৈতিক ক্ষেত্ৰখনত এগৰাকী সফল ব্যক্তি হিচাপে বিবেচিত হৈছিল ফখৰুদ্দিন আলি আহমেদ।

১৯২৫ চনত ইংলেণ্ডত ফখৰুদ্দিন আলি আহমেদে জৱাহৰলাল নেহৰুক লগ পাইছিল। নেহেৰুৰ ৰাজনৈতিক আদৰ্শই তেওঁক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰাৰ পিছত ১৯৩১চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ  প্ৰাথমিক সদস্য হিচাপে যোগদান কৰে। ইয়াৰ পিছত তেওঁ ১৯৩৬ চনৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ  আৰু ১৯৪৭চনৰ পৰা  ১৯৭৪ চনলৈ নিখিল ভাৰত কংগ্ৰেছ  কমিটিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।

এনেকৈয়ে তেওঁ ৰাজনৈতিক জীৱনৰ পাতনি মেলি  ১৯৩৫ চনত প্ৰথম বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৩৮চনত তেওঁ  গোপীনাথ বৰদলৈ মন্ত্ৰীসভাত  বিত্ত, ৰাজহ আৰু শ্ৰম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। দেশে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫২ চনত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয়।কংগ্ৰেছ দলৰ পৰা নিৰ্বাচন খেলি ১৯৫৭চনৰ পৰা ১৯৬২ চনলৈ আৰু ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ক্ৰমান্বয়ে দুবাৰকৈ তেওঁ বিধানসভালৈ নিৰ্বাচিত হৈছিল।

ৰাজনৈতিক জীৱনৰ শেষৰ কালছোৱাত তেওঁ বৰপেটাৰ পৰা লোকসভা নিৰ্বাচন খেলি ১৯৬৭ চনৰ পৰা ১৯৭১ চনলৈ লোকসভালৈ নিৰ্বাচিত হয়। শেষত ১৯৭৪ চনৰ ২০ আগষ্টত এইজনা সুযোগ্য অসম সন্তান ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। দেশৰ সৰ্বোচ্চ সন্মানীয় পদত অধিষ্ঠিত হোৱা এইজনা অসম সন্তানক লৈ আজিও প্ৰতিজন অসমীয়াই গৌৰৱবোধ কৰে। পৰিতাপৰ কথা এয়ে যে এনে এজন সন্মানীয় ব্যক্তিৰ কথা এবাৰলৈও মনত নেপেলালে চৰকাৰ তথা কংগ্ৰেছ দলটোৱে।

যিটো কংগ্ৰেছ দলৰ মজিয়াতে তেওঁ জীৱনটো অতিবাহিত কৰিলে  সেইটো দলে আজি সন্মান দিব নোৱাৰিলে এইজনা নমস্য ব্যক্তিক। গুৱাহাটীৰ ৰাজীৱ ভৱনত এগছি চাকি আৰু কেইটামান ফুল ছটিয়ায়েই দায়িত্ব সামৰি থোৱা পৰিলক্ষিত হ'ল।

যিটো দলৰ মজিয়াত থাকি তেওঁ ইমানবোৰ পদৱীত অধিস্থিত হৈ দলৰ মান বঢ়াইছিল লগতে দলটোক এক নতুন মাত্ৰ দিছিল, সেই দলটোৱেই তেওঁক গুৰুত্ব দিবলৈ অপৰাগতা প্ৰকাশ কৰিলে। নিজৰ আদৰ্শ নেতাসকলকো শ্ৰদ্ধা জনাব নজনা এইসকল কেৱল ব্যস্ত থাকিল নিজ স্বাৰ্থ সিদ্ধিত।

কংগ্ৰেছ চৰকাৰৰ দিনত ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ নামেৰে বিভিন্ন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান স্থাপন কৰাৰ লগতে কেতবোৰ চৰকাৰী আঁচনিৰ নামাকৰণ কৰিছিল। কিন্তু কেৱল গান্ধী পৰিয়ালৰ জায়ঢোল বজোৱা কংগ্ৰেছ নেতৃত্বই পাহৰি থাকিল এনে এজন নমস্য ব্যক্তিক। নিজৰ মান ৰক্ষাৰ উদ্দেশ্যই এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে নিজে হাত উজান দিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। কিন্তু অতিকৈ পৰিতাপৰ কথা যে খোদ ৰাজীৱ ভৱনতে নাজানে কেতিয়া অনুষ্ঠিত হৈছিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

ফোনযোগে যোগাযোগ কৰাত আজি গুৱাহাটীস্থিত ৰাজীৱ ভৱনত newsnextone.comৰ সাংবাদিকক কোনোৱে যদি পুৱাৰ ভাগত অনুষ্ঠান অনুষ্ঠিত হোৱা বুলি জনালে,  আন কোনোজনে আকৌ জনালে যে ক্ষন্তেক সময়ৰ পিছতহে অনুষ্ঠান আৰম্ভ হ'ব। এনেকুৱা কৰ্মকাণ্ডৰ পৰাই স্পষ্ট হৈ পৰিছে যে আচলতে কেনেদৰে অনুষ্ঠিত হ'ল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যু বাৰ্ষিকী। কেৱল নিৰ্বাচনৰ অংক আৰু নিজৰ স্বাৰ্থৰ লগত ব্যস্ত থকা এইসকল কংগ্ৰেছ নেতাই যেন পাহৰি পেলাইছে নিজৰ সত্বাক। এতিয়া প্ৰশ্ন হয় কালৰ গতিত এনেকৈয়ে বিলীন হ'ব নেকি অসমীয়া সত্বা!