গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত আজি সন্ধিয়া সাত বজাত নিখিল বড়ো ছাত্ৰ সন্থাৰ গোৰেশ্বৰ আঞ্চলিকৰ উদ্যোগত এক জোঁৰ সমদল উলিওৱা হয়। পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত উলিওৱা এই সমদলত সমদলকাৰীয়ে 'আমাক বড়োলেণ্ড লাগিবই’, 'ন’ বড়োলেণ্ড ন’ ৰেষ্ট’ আদি শ্লোগান দিয়ে। 

ইফালে বড়ো জনগোষ্টীৰ দীৰ্ঘদিনীয়া সমস্যা পৃথক বড়োলেণ্ড ৰাজ্য গঠন অাৰু বিটিএডিৰ বাহিৰত বসৱাস কৰা বড়োসকলৰ নিৰাপত্তা আৰু ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু , এনডিএফবি (প্ৰ) অাৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত ১০ মাৰ্চৰপৰা কোকৰাঝাৰত আৰম্ভ হোৱা অামৰণ গণ অনশনৰ আজি চতু্ৰ্থ দিনত প্ৰৱেশ কৰিছে। তৎস্বত্বেও চৰকাৰে ভ্ৰুক্ষেপ নকৰাক লৈ ক্ষোভিত হৈ পৰিছে বিটিএডিৰ দল-সংগঠনসমূহ। তাৰেই ক্ষোভ উজাৰি আজি জোঁৰ সমদল উলিয়াই চৰকাৰৰ প্ৰতিবাদ সাব্যস্ত কৰে সমদলকাৰীয়ে।

প্ৰণিধানযোগ্য যে পৃথক বড়োলেণ্ড ৰাজ্য গঠন নোহোৱালৈকে এবছু ক্ষান্ত নহয় বৰঞ্চ আন্দোলন আৰু অধিক তীব্ৰতৰ হে হ'ব বুলি স্পষ্ট কৰি পৰৱৰ্তী পৰ্যায়ত ১০০ ঘন্টীয়া ৰে'লপথ অৱৰোধ আৰু ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল অচল কৰি দিব বুলি সংগঠনটোৱে হুংকাৰ দিয়াৰ পিছত এবছুয়ে যিকোনো মূহুৰ্ততে জংগী আন্দোলনৰ বাট ল’ব পাৰে বুলি জানিবপৰা গৈছে।