Home ৰাজ্যফাকুৱাৰ অানন্দ উলাহৰ মাজতে অব্যাহত এবছুৰ অনশন

ফাকুৱাৰ অানন্দ উলাহৰ মাজতে অব্যাহত এবছুৰ অনশন

by News Desk
91 views
A+A-
Reset

কোকৰাঝাৰঃ ফাকুৱাৰ আনন্দ উছাহৰ মাজতে অাজি চতুৰ্থ দিনৰ বাবেও পৃথক বড়োলেণ্ডৰ দাবীত অব্যাহত অাছে এবছুৰ অামৰণ অনশন কাৰ্যসূচী। পৃথক বড়োলেণ্ড গঠন অাৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসৱাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ দাবীত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক অাৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত এবছু, এনডিএফবি(প্ৰ)অাৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত অাৰম্ভ হোৱা অামৰণ অনশনে অাজি চতুৰ্থ দিনত ভৰি দিলে যদিও চৰকাৰৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই।

ক্ৰমান্বয়ে অনশনকাৰীসকলৰ স্বাস্থ্যৰ অৱনতি ঘটা আৰম্ভ কৰিছে যদিও চৰকাৰে গুৰুত্ব নিদিয়াত অনশনকাৰীসকল ক্ষুব্ধ হৈ পৰিছে। এবছুৰ সভাপতি প্ৰমোদ বড়োই চৰকাৰৰ মৌনতাত ক্ষুব্ধ হৈ কয় যে প্ৰকৃততে চৰকাৰৰ গণতন্ত্ৰৰ ভাষা বুজি নাপায়। আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হ’লে চৰকাৰে হাজাৰ হাজাৰ পুলিচ সেনা পঠালেহেঁতেন বুলি মন্তব্যৰে অহিংস নীতিৰে গণতান্ত্ৰিক অান্দোলন কৰাৰ বাবে চৰকাৰ গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰে। বড়োৰ ন্যায্য দাবীৰ সমৰ্থনত অনশনকাৰীসকলে যিমান ঘণ্টা অনশন অব্যাহত ৰাখিব পৰবৰ্তী পৰ্যায়ত সিমান ঘণ্টা ৰাষ্ট্ৰীয় ঘাইপথ অাৰু ৰে’লপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োই প্ৰতিশ্ৰুতি অনুসৰি অতি শীঘ্ৰেই এবছুৰ দাবীসমুহ পূৰণ কৰিবলৈ দাবী জনাইছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0