কোকৰাঝাৰঃ আদিবাসী কোব্ৰা মিলিটাৰী অৱ আসাম চমুকৈ আকমাৰ অধ্যক্ষ জাব্ৰিয়াছ খাখাৰ একনায়কত্ববাদৰ বাবে শেহতীয়াকৈ সংগঠনটো বিভাজিত হৈছে ৷ বিভাজিত হোৱা নৱগঠিত গোটটোৰ মুখ্য সেনাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে কানহু মুৰ্মু আৰু উপমুখ্য সেনাধ্যক্ষ হিচাপে ৰতন টুডুক লৈ ইতিমধ্যে ২৭১ গৰাকী সদস্য অন্তভুক্তিৰে অান এখন সমান্তৰাল কমিটি গঠন কৰা হয় ৷
আজি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত নৱগঠিত গোটটোৰ উপমুখ্য সেনাধ্যক্ষ ৰতন টুডু আৰু অধ্যক্ষ উৰ্খান্দম কিছপোট্টাই অভিযোগ কৰা মতে আকমাৰ অধ্যক্ষ জাব্ৰিয়াছ খাখাই দীৰ্ঘদিন ধৰি সংগঠনটোত একনায়কত্ববাদ চলাই সংগঠনটোক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে ৷ নিৰ্বাচন আহিলেই নিজৰ খেয়ালখুচি মতে জাব্ৰিয়াছ খাখাই সংগঠনৰ পৰা পদত্যাগ কৰি নিৰ্বাচনত প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হয় আৰু নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ পিছত পুনৰাই সংগঠনলৈ উভতি যায় ।