Home ৰাজ্যজাব্ৰিয়াছ খাখাৰ একনায়কত্ববাদ, বিভাজিত আকমা

জাব্ৰিয়াছ খাখাৰ একনায়কত্ববাদ, বিভাজিত আকমা

by News Desk
74 views
A+A-
Reset

কোকৰাঝাৰঃ আদিবাসী কোব্ৰা মিলিটেণ্ট অব আছাম চমুকৈ আকমাৰ অধ্যক্ষ জাব্ৰিয়াছ খাখাৰ একনায়কত্ববাদৰ বাবে শেহতীয়াকৈ সংগঠনটো বিভাজিত হৈছে৷  বিভাজিত নৱগঠিত গোটটোৰ মুখ্য সেনাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে কানহু মুৰ্মু আৰু উপমুখ্য সেনাধ্যক্ষ হিচাপে ৰতন টুডুক লৈ ইতিমধ্যে ২৭১ গৰাকী সদস্য অন্তৰ্ভুক্তিৰে অান এখন সমান্তৰাল কমিটি গঠন কৰা হয়৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত নৱগঠিত গোটটোৰ উপমুখ্য সেনাধ্যক্ষ ৰতন টুডু আৰু অধ্যক্ষ উৰ্খান্দম কিছপোট্টাই অভিযোগ কৰা মতে আকমাৰ অধ্যক্ষ জাব্ৰিয়াছ খাখাই দীৰ্ঘদিন ধৰি সংগঠনটোত একনায়কত্ববাদ চলাই সংগঠনটোক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে৷

নিৰ্বাচন আহিলেই নিজ খেয়ালখুচি মতে জাব্ৰিয়াছ খাখাই সংগঠনৰ পৰা পদত্যাগ কৰি নিৰ্বাচনত প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হয় আৰু নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ পিছত পুনৰা সংগঠনলৈ উভতি যায়। খাখাৰ এনে কাৰ্য অাকমাৰ সংবিধানৰ পৰিপন্থী বুলি আখ্যা দি ইতিমধ্যে সংগঠনটোৰ বহু নেতা-সদস্যই খাখাৰ কাৰ্যকলাপত অতিষ্ঠ হৈ আকমাৰ নৱগঠিত গোটত চামিল হৈছে বুলিও নেতাদ্বয়ে প্ৰেছ বিবৃতিযোগে সদৰী কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0