ওদালগুৰিঃ আৰক্ষীৰ গুলীত দুগৰাকী থলুৱা যুৱক নিহত হোৱাৰ পিছৰে পৰা ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া-প্ৰতিবাদ অব্যাহত আছে৷ থলুৱাৰ ভূমি নাগালেণ্ডক গতাই ৰাজনৈতিক বৈতৰণি পাৰ কৰিব খোজা কাৰ্যৰ প্ৰতিবাদ আৰম্ভ হৈছে ৰাজ্যজুৰি৷ বিগত ২৫ জানুৱাৰীত ডিমা হাচাও জিলাৰ মাইবং ৰেল ষ্টেছনত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে চলোৱা গুলীত নিহত দুজনকৈ যুৱকক ন্যায় প্ৰদানৰ দাবীত ওদালগুৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এবছুই৷
ওদালগুৰি চহৰত দেওবাৰে নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে। কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী জোঁৰ সমদলত প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ, আৰ এচ এচ মুৰ্দাবাদ, দোষীক উপযুক্ত শাস্তি প্ৰদান কৰক আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।