বোকাজান/আজাৰাঃ বিজেপিৰ ভাতৃ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আজি ৰাজ্যজুৰি ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে৷ ৰাজ্যৰ যিকোনো সমস্যা সন্দৰ্ভত সৰৱ ভূমিকা পালন কৰা সংগঠনটোৱে মহানগৰীৰ লগতে কাৰ্বি আংলং জিলাৰ বোকাজান নগৰৰ ৰাধা-কৃষ্ণ বিবাহ ভৱনতে প্ৰতিষ্ঠা দিৱস পালন কৰে।
বিদ্যাৰ্থী পৰিষদৰ বোকাজান শাখাৰ উদ্যোগত উদযাপন কৰা প্ৰতিষ্ঠা দিৱসত অতিথি হিচাপে উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক যুটীয়া সম্পাদক বিপুল ৰাভা, বিদ্যাৰ্থী পৰিষদৰ কাৰ্বি আংলং জিলাৰ প্ৰভাৰী বিনোদ টেৰাঙৰ লগতে স্থানীয় বিধায়ক নোমল ম’মিন। অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বোকাজান পৰিষদীয় সমষ্টিৰ নৱ-নিৰ্বাচিত পৰিষদীয় সদস্য মাধ্যুৰ্য ঢেকিয়াল ফুকন৷