106
কলিয়াবৰঃ নগাঁও জিলাৰ কলিয়াবৰৰ পাণ দোকান-হোটেলত চলিছে মদৰ অবৈধ ব্যৱসায়৷ দীৰ্ঘদিন ধৰি ৰাইজে এই অভিযোগ উত্থাপন কৰি অহাৰ পিছত কলিয়াবৰ আৰক্ষী আৰু আবকাৰী বিভাগে কলিয়াবৰৰ বিভিন্ন পাণ দোকান আৰু হোটেলত অভিযান চলাই ব্যাপক হাৰত অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।
আবকাৰী বিভাগে অভিযান চলাই বিগত সপ্তাহটোত কলিয়াবৰ মহকুমাৰ বিভিন্ন স্থানৰ পৰা প্ৰায় এহেজাৰ বটলৰো অধিক বিলাতী সুৰা জব্দ কৰাৰ লগতে ৫০০ লিটাৰ অধিক চুলাই মদ নষ্ট কৰে।