97
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বৰগোলাইত ৰন্টিক্স নামৰ ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানটোৰ সন্মুখত শুকুৰবাৰে নিশাৰ ভাগত এক দুৰ্ঘটনা সংঘটিত হয়।
প্ৰাপ্ত বাতৰি মতে, আশীষ দাস(৫৮) নামৰ হোটেলৰ মালিকজনে হোটেল বন্ধ কৰি ৰাজপথলৈ ওলাই আহোতেই মাৰ্ঘেৰিটা নগৰৰ পৰা লিডু অভিমুখে গৈ থকা তীব্ৰবেগী এখন মাৰুতি ভানে ব্যক্তিজনক খুন্দিয়াই প্ৰায় দুই কিঃমিঃ ৰাষ্ট্ৰীয় ঘাই পথেৰে চুচৰাই লৈ যায়৷