কাজলগাঁওঃ বিটিচিত কংগ্ৰেছে শক্তিশালী কৰিব সাংগঠনিক ভেটি৷ আজি চিৰাং জিলাৰ বিজনী চহৰস্থিত বড়োবজাৰ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা চিৰাং জিলাৰ তত্বাৱধায়ক শব্দ ৰাভাই সংবাদ মেল যোগে এই কথা প্ৰকাশ কৰে৷
দলৰ সদস্য ভৰ্তি, সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে দলৰ নেতা কৰ্মীয়ে কাম কৰি আছে বুলি কৈ বিজেপি দলে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি বিটিচিত প্ৰতাৰণাৰ বিৰুদ্ধে সৱল প্ৰতিবাদ গঢ়ি তুলিব বুলি কয় ৰাভাই৷