ডিফুঃ উৰুকাৰ নিশা গুৱাহাটী মহানগৰীত ইন’ভাৰ খুন্দাত প্ৰাণ হেৰুওঁৱা কাৰ্বি আংলঙৰ ডিফুৰ যুৱক ভূপিন্দৰ সিঙৰ মৃতদেহ সোমবাৰে এখন এম্বুলেন্স যোগে জন্ম চহৰ ডিফুত আহি পোৱাৰ লগে লগে চহৰ খনত শোকাকুল পৰিৱেশে বিৰাজ কৰে।
মৃতদেহ জন্মস্থান পোৱাৰ পিছতে পৰিয়ালৰ সদস্যৰ লগতে গুণমুগ্ধই শোকত ভাগি পৰে৷ ডিফুৰ এএছইবি কলনিৰ মাঞ্জাৰ নিবাসী প্ৰয়াত শৈলেন্দ্ৰ সিঙৰ একমাত্ৰ পুত্ৰ অমায়িক ভূপিন্দৰ সিঙে গুৱাহাটীৰ বেলতলাত নাগামিজ ৰেষ্টুৰেণ্টত দীৰ্ঘ দিনৰ পৰা মেনেজাৰ হিচাপে কাম কৰি আছিল৷ যোৱা ১৩ জানুৱাৰী তথা উৰুকাৰ নিশা বেলতলা স্থিত ভিনিহিয়েকৰ ঘৰৰ পৰা ভোজ-ভাত খাই উভতি অহাৰ পথত প্ৰায় ১২-৩০ বজাত জয়ানগৰ চাৰিআলিত এখন ট্ৰাক আৰু ইন’ভা চালকৰ মাজত পাৰ্কিঙক লৈ বাক-বিতণ্ডতা চলি থকা প্ৰত্যক্ষ কৰি ভূপিন্দৰ সিঙে ঘটনাটোত হস্তক্ষেপ কৰে।