ওদালগুৰিঃ ডান্স ইণ্ডিয়া ডান্স চিজন-৫ৰ বিজয়ী অসমৰ জীয়ৰী প্ৰণীতা স্বৰ্গীয়াৰী অসমৰ গ্ৰাম্য অঞ্চলৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতীক দিব নৃত্যৰ প্ৰশিক্ষণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৃত্য কৰ্মশালা অনুষ্ঠিত কৰিব প্ৰণীতাই৷ দেওবাৰে ওদালগুৰিত এখন সংবাদমেল অনুষ্ঠিত কৰে প্ৰণীতা স্বৰ্গীয়াৰীয়ে।
নিখিল বড়ো ছাত্ৰ সন্থাৰ ওদালগুৰি আঞ্চলিক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত প্ৰণীতাই ওদালগুৰিত নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰি যুৱ প্ৰজন্মক প্ৰশিক্ষণ দিয়াৰ কথা ঘোষণা কৰে। অহা ১৬, ১৭ আৰু ১৮ জানুৱাৰীত ওদালগুৰিৰ নলবাৰীৰ ৰিংগু ডামাচা প্ৰেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই কৰ্মশালা।