62
নলবাৰীঃ নলবাৰী অময়াপুৰত আজি ৰাতিপুৱাৰ ভাগত এটা পথ দুৰ্ঘটনা সংঘটিত হয়৷ প্ৰাপ্ত তথ্য মতে, হাজো-নলবাৰী পথৰ অময়াপুৰৰ বামুন্দি চ’কত আজি ৰাতিপুৱা ৮ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়৷
মাধাপুৰ গাঁৱৰ কৃষ্ণ তালুকদাৰ (৫৪) নামৰ ব্যক্তি গৰাকীয়ে চাইকেলেৰে নলবাৰী চহৰ মুখে আহি থকা অৱস্থাত একে দিশৰ পৰা তিব্ৰ বেগেৰে ছুইফ্ট ডিজিয়াৰ এখনে আহি খুন্দিওৱাৰ লগে লগে চাইকেল আৰোহী তালুকদাৰ বহু দুৰলৈ চিটিকি গুৰুতৰ বাবে আহক হয়৷