62
ৰহাঃ সোমবাৰে নিশা নগাঁও জিলাৰ ৰহা কাকতিগাঁৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী স্কুটীয়ে নিয়ন্ত্ৰন হেৰুৱাই ৰৈ থকা ট্ৰাকত খুন্দা মৰাত দুৰ্ঘটনা সংঘটিত হয়৷
দুৰ্ঘটনাত পতিত হৈ হীৰকজ্যোতি পাটৰ নামৰ স্কুটী আৰোহীজন থিতাতে নিহত হয়৷ আনহাতে গুৰুতৰভাবে আহত ব্ৰজেন বৰদলৈ নামৰ আনজন আৰোহীক চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷