ডিজিটেল ডেস্কঃ নাৰীৰ প্ৰজনন ক্ষমতাৰ এটা সময় থাকে৷ এটা নিৰ্দিষ্ট বয়সত নাৰীয়ে সন্তান জন্ম দিব পৰা ক্ষমতা হেৰুৱাই পেলায়৷ এই বয়স যদি কেতিয়াবা ৪৫, কেতিয়াবা ৫০ বছৰো হব পাৰে৷ কিন্তু ততোধিক? এয়া নিশ্চয় অসম্ভৱ কথা হব৷ যাক বিজ্ঞানেও কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে৷ কিন্তু বিজ্ঞান আৰু প্ৰকৃতিৰ নিয়মক ভুল প্ৰমাণিত কৰি ইটালীৰ এগৰাকী মহিলাই ১০১ বছৰ বয়সত জন্ম দিলে নিজৰ ১৭ নম্বৰটো পুত্ৰ সন্তানৰ৷
এই ঘটনাৰ পাছতেই বিশ্বৰ চিকিৎসা জগতত হাহাকাৰৰ সৃষ্টি হয়৷ এগৰাকী এশ বছৰীয়া বৃদ্ধাই কেনেদৰে সন্তান জন্ম দিব পাৰিলে, সেয়া লৈ চিকিৎসা বিজ্ঞান গৱেষনাত ব্যস্ত হৈ পৰে৷ কিন্তু বাস্তৱটো সেয়াই, এগৰাকী বৃদ্ধাই জন্ম দিলে এটি ৯ পাউণ্ড ওজনৰ সুষ্ট-সুঠাম সন্তান৷