ডিজিটেল ডেস্কঃ যাত্ৰীৰ বাবে যেন কোনোপধ্যেই নিৰাপদ নহয় অ’লা, উবেৰৰ যাত্ৰা৷ যাত্ৰীক ড্ৰাইভাৰৰ দ্বাৰা ধৰ্ষণ, মানসিক নিৰ্যাতন আদিৰ দৰে সংখ্য ঘটনা নিতৌ সংঘটিত হৈ আহিছে ব্যক্তিগত প্ৰতিষ্ঠানসমুহৰ অন্তৰ্গত কেব সেৱাসমূহত৷

এইবাৰ অভিনেতাও সন্মুখীন হ’ল এক পৰিস্থিতিৰ৷ সৰু পৰ্দাৰ অভিনেতা নকুল মেহতাও এইবাৰৰ অ’লা চালকৰ বেয়া ব্যৱহাৰৰ সন্মুখীন হ’বলগীয়া হয়৷ টুইটাৰৰ জড়িয়তে অভিনেতাগৰাকীয়ে প্ৰকাশ কৰিছে এই কথা৷

শনিবাৰে শ্বুটিংস্থলীলৈ যাবলৈ অভিনেতাগৰাকীয়ে বুক কৰিছিল অ’লা৷ কিন্তু গাড়ীত উঠাৰ পিছতেই চালকৰ অদ্ভুত ব্যৱহাৰৰ সন্মুখীন হয় অভিনেতাগৰাকী৷

তদুপৰি চালকগৰাকীয়ে গাড়ীক গতিবেগ বঢ়াই দিয়াত অভিনেতাগৰাকীয়ে হস্তক্ষেপ কৰাত অভিনেতাগৰাকীক চালকে শাৰিৰীক ভাৱে আক্ৰমণৰ চেষ্টা চলাইচিল বুলিও প্ৰকাশ কৰিছে নকুলে৷ চালকৰ এনে ব্যৱহাৰত অতিষ্ঠ হৈ অভিনেতাগৰাকীয়ে বেলেগ গাড়ীৰে শ্বুটিংস্থলীলৈ আহে৷