ৰঙিয়াঃ অসমৰ আগশাৰীৰ মঞ্চ অভিনেতাসকলৰ অন্যতম তথা এসময়ৰ এজন সুদক্ষ ক্ৰিকেট খেলুৱৈ হৰ্ষজ্যোতি দাস গুৰুতৰ ভাৱে অসুস্থ। কেইবাটাও জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী।

চাৰিদিন পূৰ্বে পৰিয়ালে হায়দৰাবাদৰ এখন চিকিৎসালয়লৈ উন্নত মানৰ চিকিৎসাৰ বাবে নিয়ে যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পুনৰ অসমলৈ লৈ আহি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰায়।

বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা জনপ্ৰিয় মঞ্চ অভিনেতাগৰাকীয়ে অসমৰ কেইবাখনো আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ ক্ৰমে আৱাহন, ৰাজতিলক, বৰদৈচিলা, ইতিহাস, সূদৰ্শন আদি থিয়েটাৰত অভিনয়ৰে দৰ্শকৰ মনজয় কৰিবলৈ সক্ষম হৈছিল।

যি ৰণত আমি হাৰিছিলো, হলী, এখন নাটক, ভোজ  আদিকে কৰি কেইবাখনো নাটকত অভিনয় কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা অভিনেতাগৰাকীয়ে শেহতীয়াকৈ চিৰঞ্জীৱ থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছিল।

জনপ্ৰিয় অভিনেতাগৰাকী অসুস্থ হৈ পৰাৰ খবৰ লাভ কৰি আশু আৰোগ্য কামনা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতি, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা, পূৱ ৰঙিয়া প্ৰগতি সংঘ, ৰঙিয়া সংগম সংঘ, ৰঙিয়া কৃষ্টি বিকাশ সংঘ, ৰঙিয়া প্ৰেছ ক্লাবৰ লগতে ৰঙিয়াৰ বিভিন্ন দল-সংগঠনে।