55
ৰঙিয়াঃ অসমৰ আগশাৰীৰ মঞ্চ অভিনেতাসকলৰ অন্যতম তথা এসময়ৰ এজন সুদক্ষ ক্ৰিকেট খেলুৱৈ হৰ্ষজ্যোতি দাস গুৰুতৰ ভাৱে অসুস্থ। কেইবাটাও জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী।
চাৰিদিন পূৰ্বে পৰিয়ালে হায়দৰাবাদৰ এখন চিকিৎসালয়লৈ উন্নত মানৰ চিকিৎসাৰ বাবে নিয়ে যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পুনৰ অসমলৈ লৈ আহি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰায়।