ডিজিটেল ডেস্কঃ মুম্বাইৰ ফ্লেটত উদ্ধাৰ হ’ল অভিনেত্ৰীৰ মৃতদেহ৷ সোমবাৰে মাজ ৰাতি আৰক্ষীয়ে উদ্ধাৰ কৰে অভিনেত্ৰীগৰাকীৰ মৃতদেহ৷ মৃতদেহটো সৰু পৰ্দাৰ অভিনেত্ৰী কৃতিকা চৌধুৰী বুলি জানিব পৰা গৈছে৷

আৰক্ষীয়ে অনুমান কৰিছে যে কেইদিনমান পূৰ্বে হত্যা কৰা হৈছে কৃতিকাক৷ বিগত কেইবাদিনৰ পৰা বন্ধ আছিল অভিনেত্ৰীগৰাকীৰ ফ্লেটৰ দৰ্জা৷ ফ্লেটৰ পৰা দুৰ্গন্ধ ওলোৱা বাবে প্ৰতিবেশীয়ে খবৰ দিছিল আৰক্ষীক৷

সোমবাৰে অৰ্ধগলিত অৱস্থাত সৰুপৰ্দাৰ অভনেত্ৰীগৰাকীৰ মৃতদেহটো৷ উল্লেখ্য যে কংগনা ৰাণাৱত অভিনীত 'ৰাজ্জো’ নামৰ চলচিত্ৰখনতো অভিনয় কৰিছিল কৃতিকা চৌধুৰীয়ে৷ তদুপৰি বালাজী প্ৰডাকচনৰ কেইবাখনো ধাৰাবাহিকতো অভিনয় কৰিছিল কৃতিকাই৷