newsnextone.com | বিহালীঃ আদিবাসীসকলে অতীজৰে পৰা বংশানুক্ৰমে জল-জংঘল-জমিনত নিজৰ অধিকাৰ ভোগ কৰি আহিছে৷ দেশ স্বাধীন হোৱাৰ পূৰ্বৰে পৰা এই অধিকাৰ সাব্যস্ত কৰি আহিছিল যদিও বগা বৃটিছসকলে খাটিখোৱা দৰিদ্ৰ আদিবাসীসকলৰ এই অধিকাৰ কাঢ়ি নিয়ে। তাৰ পিছতে ইংৰাজৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছিল দেশৰ আদিবাসীসমাজ৷ দেশৰ আন আন সম্প্ৰদায়ৰ সৈতে লগলাগি সমানে সমানে স্বাধীনতাৰ বাবে আন্দেলন কৰিছিল আদিবাসীসমাজে৷
আদিবাসীসকলক ইংৰাজৰ শাসনৰ বিৰুদ্ধে সু-সংগঠিত বিদ্ৰোহৰ নেতৃত্ব দিছিল বিৰচা মুণ্ডাই৷ যিগৰাকী নেতা আছিল আন্দোলনৰ প্ৰথম আদিবাসী নেতা। বিৰচা মুণ্ডা হ’তৰ নেতৃত্বত ভাৰতবৰ্ষ স্বাধীন হ’ল সঁচা কিন্তু আদিবাসীসকলৰ পৰা কাঢ়ি নিয়া হ’ল ভূমিৰ অধিকাৰ৷ কৰা হ’ল জাত-পাতৰ নামত নিৰ্যাতন, নিজ ভূমিৰ পৰা কৰা হ’ল উচ্ছেদ৷ তেতিয়াৰ পৰা আজিলৈ বৰ্তমান চৰকাৰৰ দিনতো আদিবাসী জনজাতিৰ লোকক নিজ ভূমিৰ পৰা উচ্ছেদ কৰা হৈছে৷