newsnextone.com | চাবুৱাঃ ৰাজ্যত হিন্দু বাংলাদেশী সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীতকৰণৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন৷ অসমে কেতিয়াও হিন্দু বাংলাদেশীৰ বোজা গ্ৰহণ নকৰে বুলি দাবী কৰি দল-সংগঠনসমূহে ৰাজপথলৈ ওলাই আহি বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে৷
আনহাতে হিন্দু বাংলাদেশীৰ সংস্থাপনে অসমত অসমীয়াৰ অস্তিত্ব নোহোৱা কৰিব বুলি দাবী উত্থাপন কৰি দল-সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিজন অসমীয়াক ওলাই আহিবলৈ আহ্বান জনাইছে৷ এতিয়াই যদি প্ৰতিবাদ নকৰে, তেন্তে এদিন নিজৰ মাটিতে ভগনীয়া হ’ব লাগিব বুলি সতৰ্ক কৰি দি গণসচেতনতা গঢ়ি তুলিবলৈ চেষ্টা চলোৱা গৈছে৷