কোকৰাঝাৰঃ ৰাজ্যত তথা বিটিএডিত বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ লোসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বুধবাৰে এখন গণ সমাৱেশ অনুষ্ঠিত হয় কোকৰাঝাৰত৷ কেইবা সহস্ৰাধিক পুৰুষ-মহিলাৰ উপস্থিতিত অনুষ্ঠিত গণ সমাৱেশত জনগোষ্ঠীটোৰ কেইবাগৰাকী নেতা উপস্থিত থাকি ৰাজ্য-কেন্দ্ৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷ কোকৰাঝাৰৰ আমগুৰীত অনুষ্ঠিত হয় আদিবাসী জাতীয় মহাসভাৰ গণ সমাৱেশ৷
আদিবাসী জনগোষ্ঠীৰ চাওতাল, উৰাও, মুণ্ডা, গড়, খাৰিয়া, চাওঁৰা, কিষাণ, প্ৰজা, বেদিয়া, লহৰা, কোল, ভিল, মিৰ্ধা, মাহাতো, চিক বাড়াই আদি সম্প্ৰদায়ৰ লোক উপস্থিত থাকি আদিবাসীক শীঘ্ৰে জনজাতিকৰণৰ কৰাৰ লগতে যুদ্ধবিৰত আদিবাসী বিদ্ৰোহী সংগঠনৰ সমস্যা সমাধানৰ দাবী জনায়৷