নগাঁওঃ অসমৰ চৰ অঞ্চলত একাংশ মাতব্বৰে শাসন কৰা বুলি সময়ে সময়ে অভিযোগ উত্থাপন কৰে৷ মাতব্বৰসকলে ধৰ্ষণৰ গোচৰৰ পৰা আৰম্ভ তকি হত্যাকাণ্ডৰ গোচৰ পৰ্যন্ত নিস্পত্তি কৰে৷ ইমানে নহয় একো একো খন চৰত তলে তেওঁলোকৰ দাদাগিৰী৷ নগাঁও জিলা আৰু শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত দীৰ্ঘদিন ধৰি ভূ-মাফিয়া, মাতব্বৰৰ ৰাজ চলি থকা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷
ভূ-মাফিয়া, মাতব্বৰ হাৰ বলেৰে বিভিন্ন কাণ্ড সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে যদিও নগাঁও আৰু শোণিতপুৰ জিলাৰ প্ৰশাসনে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷