55
ওদালগুৰি/গুৱাহাটীঃ ৰঙালী বিহুলৈ মাজত মাথো দুটা দিন। ৰাজ্যৰ জকাইচুকু, সাধাৰণ চহৰৰ পৰা আৰম্ভ কৰি গুৱাহাটী মহানগৰীলৈ এতিয়া বাপতি সাহোন ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। বসন্ত ঋতুৰ আগমনৰ লগে লগেই সকলোৰে মনত বিৰিঙিছে ৰং-উৎসাহ, হাঁহি-আনন্দ।
বহাগৰ আগমনত ন-ৰূপেৰে উজলি উঠিছে প্ৰকৃতি ৰাণী, কুঁহিপাত। জকাইচুকৰ শিপিনীসকলো ব্যস্ত আদৰৰ বিহুৱান খন আপোনদনক দিম বুলি৷ বিহুৰ আগমনৰ লগে লগে দিনে-নিশাই তাঁতৰ শালত ভীষণ ব্যস্ত মহিলা-গাভৰু।