বিশ্বনাথ চাৰিআলিঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শাসকীয় বিজেপি দলে আয়োজন কৰিছে শান্তি সমদল৷ কিন্তু এই শান্তি সমদলে প্ৰকৃতাৰ্থত ৰাজ্যত শান্তি স্থাপন কৰিব পাৰিছেনে? যদি শান্তি সমদল আয়োজন কৰি ৰাজ্যত শান্তি স্থাপন কৰাটোৱেই শাসকীয় দলটোৰ মূল উদ্দেশ্য তেন্তে সৰ্বস্তৰৰ ৰাইজৰ কাষলৈ পোনপটীয়াকৈ নগৈ  কিয় সান্ধ্যা আইনসদৃশ পৰিৱেশ সৃষ্টি কৰিহে সভাৰ আয়োজন কৰিবলগীয়া হৈছে? এনেধৰণৰ একাধিক প্ৰশ্নই এতিয়া জোকাৰি গৈছে সৰ্বসাধাৰণ ৰাইজক৷

ইয়াৰ মাজতে মঙলবাৰে নৱগঠিত বিশ্বনাথ জিলাৰ সদৰ বিশ্বনাথত দেখা গ’ল এক অঘোষিত জৰুৰীকালীন সদৃশ পৰিৱেশ৷ চহৰখনৰ কমলাকান্ত ক্ষেত্ৰত আয়োজন কৰা হোৱা বিজেপিৰ শান্তি সমদলৰ বাবে আজি পুৱাৰে পৰা সমগ্ৰ চহৰখনত আৰক্ষী-প্ৰশাসনে আগতীয়া ঘোষণা অবিহনে জাপি দিয়ে একপ্ৰকাৰৰ সান্ধ্যাআইন৷ কোনোৱে যাতে ওলাই গৈ শান্তি সমদলত বাধা দিব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰীয় ঘাঁইপথ সংযোগী প্ৰায় প্ৰতিটো উপপথৰ সমুখত বান্ধি দিয়া হয় বাঁহৰ বেৰিকেড৷

‘পুৱা শুই উঠিয়েই দেখিলো আমাৰ ৰাস্তাটোৰ সমুখত বাঁহ বান্ধি দিয়া হৈছে৷ মই মৰ্ণিংৱাকলৈ যাবলৈ বুলি ওলাই আহিছিলো৷ কিন্তু আৰক্ষীয়ে বাঁহৰ বেৰিকেড পাৰ হৈ মোক আগুৱাই যাব নিদিলে৷ মই মৰ্ণিংৱাক নকৰাকৈ ঘৰলৈ ঘূৰি আহিলো৷ আমাৰ ইয়াততো কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা নাই যে এনেকৈ বাঁহ বান্ধি আমাক পণবন্দী কৰি থব৷ এয়া নাভূত-নাশ্ৰুত আৰু দমনমূলক নীতি৷’- NNOৰ আগত এইদৰে কয় এজন স্থানীয় লোকে৷

জানিব পৰা মতে, চহৰখনৰ কোঁচগাঁও, বামগাঁও, নৱপুৰ, শান্তিপুৰকে আদি কৰি প্ৰায়বোৰ অঞ্চলৰ পথ-উপপথবোৰত স্থানীয় লোকে বাহিৰলৈ ওলাব নোৱৰাকৈয়ে আৰক্ষী-প্ৰশাসনে বাঁহ বান্ধি দিয়ে৷ লগতে প্ৰতিটো সংযোগীপথতে মোতায়েন কৰে অতিকমেও ২০ জনীয়া অৰ্ধসামৰিকবাহিনীৰ একো একোটা দল৷

আৰক্ষী-প্ৰশাসনে জাঁপি দিয়া এনে অঘোষিত সান্ধ্যআইন সদৃশ পৰিস্থিতিৰ ফলত আজি উক্ত অঞ্চলসমূহত বাস কৰা স্থানীয় লোকসকলৰ স্বাভাৱিক জীৱন-যাত্ৰা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে৷ ‘আমি বজাৰ কৰিবলৈ যোৱাৰ কথা আছিল আজি৷ যাবলৈ নিদিলে আমাক৷ আমি ঘূৰি আহিলো৷ ক’লে বোলে ফিল্ডত কিবা মিটিং আছে, চিএম আহিব৷ আমাক এনেকৈ পণবন্দী কৰি চিএম কি কাৰণত আহিব লাগে?’-আন এজন লোকে ক্ষোভেৰে কয়৷

ইফালে, আজিৰ এই পৰিস্থিতি সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ সহকাৰী সম্পাদক দিব্যজ্যোতি বৰুৱাই৷ ‘পুৱা শুই উঠিয়ে দেখিছো যে ৰাস্তাবোৰত বাঁহ বান্ধি দিয়া হৈছে কোনো ওলাব নোৱৰাকৈ৷ চৌদিশে আৰক্ষী-চিআৰিপিএফ গিজগিজাই আছিল৷ ফলত অফিচ-কাছাৰী, বজাৰ, স্কুললৈ যাবলৈ ওলাই সকলো উভতি আহিবলগীয়া হয়৷ শাসকীয় দল এটাই শান্তি সমদলৰ নামত আমাক এনেদৰে পথত বাঁহ বান্ধি পণবন্দী কৰি ৰাখিছে৷ গণতান্ত্ৰিক দেশ এখনৰ বাবে এয়া চৰম লজ্জাজনক৷’-আজিৰ শান্তি সমদলত বিশ্বনাথৰ স্থানীয় লোক নাই বুলিবই পাৰি বুলি স্পষ্ট কৰি দি এইদৰে কয় বৰুৱাই৷

তেওঁ আৰু কয় যে, বিজেপিয়ে আজি অনুষ্ঠিত কৰা সভাখনত যিমানবোৰ মানুহ আহিছে সেয়া দাঁতিকাষৰীয়া জিলাসমূহৰহে লোক, বিশ্বনাথৰ স্থানীয় লোক নহয়৷ ‘বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন দমনৰ নামত এইবোৰ কি কৰিব বিচাৰিছে সেয়া ৰাইজে দেখিছে৷ আজিৰ সভাত তেওঁলোকে মানুহবোৰ নগাঁও, কাৰ্বি আংলং, লখিমপুৰ, মৰিগাঁও আদি জিলাৰ পৰা শ শ বাছত মানুহ লৈ আহিছে৷ স্থানীয় লোক এই সভালৈ যোৱা হ’লে আমাক এনেদৰে পণবন্দী কৰিবলগীয়া নহয়৷ স্থানীয় লোকসকলক এনেদৰে পণবন্দী কৰি শান্তি সমদল আয়োজন কৰাতো হাস্যকৰ৷’- শক্তি প্ৰদৰ্শনৰ নামত বিজেপিয়ে আৰু কিমান তললৈ যাব বুলি প্ৰশ্ন কৰি এইদৰে কয় সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদকগৰাকীয়ে৷
 
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও জাগীৰোডকে আদি কৰি কেবাস্থানত বিজেপিয়ে অনুষ্ঠিত কৰিছিল শান্তি সমদল। এই আটাইবোৰ শান্তি সমদলৰ অনুষ্ঠানতে দেখা গৈছিল যথেষ্টসংখ্যাক নিৰাপত্তাৰক্ষী। ব্যতিক্ৰম নহ’ল বিশ্বনাথত আজি অনুষ্ঠিত শান্তি সমদলো। আনকি শান্তি সমদল আয়োজনৰ নামত চৰকাৰখনে সমগ্ৰ চহৰখনকে পণবন্দী কৰি ৰাখে। এনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বনাথবাসীৰ মুখে মুখে এতিয়া এটাই প্ৰশ্ন, 'জনতাক পণবন্দী কৰি নিৰাপত্তাৰক্ষীৰ বেষ্টনী গঢ়ি কাৰ বাবে শান্তি সমদল পাতিছে বিজেপিয়ে?’ শান্তি সমদলৰ নামত বিজেপিয়ে চৌদিশে অশান্তিহে বিয়পাইছে বুলিও অভিযোগ উত্থাপন কৰা দেখা গৈছে ভিন্নজনক।