নতুন দিল্লীঃ ভাৰত-পাকিস্তানৰ মাজত সীমা বিবাদ তথা পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে নিতৌ ভাৰতত আক্ৰমণ সংঘটিত হৈ অহাৰ সময়তে পাকিস্তানৰ ক্ৰিকেট খেলুৱৈই শ্বাহীদ আফ্ৰিদিয়ে মন্তব্য প্ৰকাশ কৰিছে বন্ধুত্ব সন্দৰ্ভত৷ এনেবোৰ কৰ্মকাণ্ডত দেশ দুখনৰ মাজত প্ৰভাৱ যিয়েই নপৰক কিয় ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ সৈতে বন্ধুত্বৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি শ্বাহিদ আফ্ৰিদীয়ে মত ব্যক্ত কৰে।

আফ্ৰিদীয়ে বিৰাটৰ সৈতে মোৰ সম্পৰ্কৰ ক্ষেত্ৰত ৰাজনৈতিক বিষয়টোৰ বাবে কোনো প্ৰভাৱ নপৰে বুলি কয়। বিৰাট এগৰাকী ভাল মানুহ, মোৰ দৰে দেশৰ ক্ৰিকেটৰ এজন দূত বুলি ক'ব পাৰি বুলিও কয় আফ্ৰিদীয়ে। পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে বন্ধুত্বৰ দ্বাৰা আমি দুয়োখন দেশৰ সন্বন্ধ কেনে হোৱা উচিত তাকে জনাব বিছাৰো। ভাৰতৰ পিছতেই কোহলীয়ে পাকিস্তান আৰু অষ্ট্ৰেলিয়াত অধিক মৰম আৰু সন্মান লাভ কৰে বুলি আফ্ৰিদীয়ে কয়।