ডিজিটেল ডেস্কঃ মৃত্যুৰ পিছত অৰ্থ অৰ্থহীন। কিন্তু মৃত্যু হোৱা মানুহজনৰ উপাৰ্জন যেতিয়া চকুত লগা হয় তেতিয়া চৰ্চা হ’বই। হয়, আপুনি শুনিছেনে মৃত্যু হোৱা লোকৰ কোটি টকা উপাৰ্জন হোৱাৰ কথা৷ আমাৰ দেশত মৃত স্বামীৰ পেঞ্চনৰ টকা কেইটাই পত্নীয়ে পাবলৈ টান৷ তেনে স্থলত কাৰোবাৰ কোটি টকা আয়৷ অৱশ্যে কোনো সাধাৰণ ব্যক্তিৰ নহয় মৃত চেলিব্ৰিটিৰ হে বাৰ্ষিক আয় কোটিৰ ঘৰত৷
‘মুন-ৱাক’ যেতিয়া থমকি ৰৈছিল, তেতিয়াও তেওঁ আছিল ‘Most beloved person in the world’ অৰ্থাৎ মৃত্যুৰ পিছতো আছিল বিশ্বৰ মানুহৰ সকলোতকৈ প্ৰিয় ব্যক্তি৷ মৃত্যুৰ আঠ বছৰ পিছতো তেও জনপ্ৰিয়। ব্যক্তিজনৰ আন কোনো নহয়। তেও হ’ল কিং অৱ পপ মাইকেল জেকচন। মৃত্যুৰ আঠ বছৰ পিছতো এতিয়াও কেৱল সকলোৰে প্ৰিয় ব্যক্তিয়েই নহয়, মৃত চেলিব্ৰিটি সকলৰ ভিতৰত সকলোতকৈ আয় কৰা ব্যক্তিৰ শীর্ষত জেকচন৷