newsnextone.com | গুৱাহাটীঃ জমিয়ত উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্শ্বাদ মাদানীয়ে পুনৰ অসমৰ এনআৰচি সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে। সোমবাৰে পুৱাই প্ৰকাশ পোৱা এনআৰচিৰ চূড়ান্ত খচৰাত ৪০ লাখ লোকৰ নাম বাদ পৰা বুলি প্ৰচাৰ হোৱাৰ পিছতে এটি সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাতকাৰত মাদানীয়ে কয় যে এনআৰচিৰ পৰা বাদ পৰা বেছি সংখ্যাক লোকেই মুছলমান। ইমানে নহয় অসমীয়া জাতিৰ আৱেগ জৰিত হৈ থকা এনআৰচিৰ মুকলি বিৰোধ কৰে মাদানীয়ে। যাৰ ফলত পুনৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

সোমবাৰে সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাতকাৰত কয় যে এনআৰচিৰ পৰা বাদ পৰা বেছিখিনি লোকেই মুছলমান। আমি সেই লোকসকলৰ বাবে উচ্চতম ন্যায়ালয়লৈ যাম। ন্যায়ালয়ত গোচৰ তৰিম। যিসকলৰ নাম বাদ পৰিছে তেওঁলোকৰ বাবে শিবিৰ স্থাপন কৰিম অসমত। এই মন্তব্যই অসমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ইয়াৰ পূৰ্বে ২০১৭ চনৰ নৱেম্বৰ মাহত দিল্লীত অনুষ্ঠিত এখন বিশেষ সভাত অংশ গ্ৰহণ কৰি উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্শ্বাদ মাদানীয়ে NRCত প্ৰায় ৩০ লাখ মানুহৰ নাম বাদ পৰিলে মাৰিব, মৰিব, জ্বলাব, জ্বলিব বুলি মন্তব্য প্ৰকাশ কৰিছিল৷

উক্ত সভাত ৰাজ্যৰ কেইবাগৰাকী বুদ্ধিজীৱী, সাংবাদিক উপস্থিত থকাৰ লগতে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই উপস্থিত আছিল৷ প্ৰায় ত্ৰিশ লাখ লোক NRCৰ পৰা বাদ পৰিলে পৰিস্থিতি ম্যানমাৰৰ দৰে হোৱাৰ আশংকা ব্যক্ত কৰিছিল মাদানীয়ে৷ অসমৰ মাটি-পানীৰ সৈতে কোনো সম্পৰ্ক নথকা অসমৰ সমস্যাৰ হৈ কোনো দিনে মাত এষাৰ নিদিয়া মাদানীৰ এই মন্তব্যৰ পিছতে ৰাজ্যৰ দল-সংগঠন জাঙুৰ খাই উঠিছিল৷