newsnextone.com | গুৱাহাটীঃ জমিয়ত উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্শ্বাদ মাদানীয়ে পুনৰ অসমৰ এনআৰচি সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে। সোমবাৰে পুৱাই প্ৰকাশ পোৱা এনআৰচিৰ চূড়ান্ত খচৰাত ৪০ লাখ লোকৰ নাম বাদ পৰা বুলি প্ৰচাৰ হোৱাৰ পিছতে এটি সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাতকাৰত মাদানীয়ে কয় যে এনআৰচিৰ পৰা বাদ পৰা বেছি সংখ্যাক লোকেই মুছলমান। ইমানে নহয় অসমীয়া জাতিৰ আৱেগ জৰিত হৈ থকা এনআৰচিৰ মুকলি বিৰোধ কৰে মাদানীয়ে। যাৰ ফলত পুনৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
সোমবাৰে সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাতকাৰত কয় যে এনআৰচিৰ পৰা বাদ পৰা বেছিখিনি লোকেই মুছলমান। আমি সেই লোকসকলৰ বাবে উচ্চতম ন্যায়ালয়লৈ যাম। ন্যায়ালয়ত গোচৰ তৰিম। যিসকলৰ নাম বাদ পৰিছে তেওঁলোকৰ বাবে শিবিৰ স্থাপন কৰিম অসমত। এই মন্তব্যই অসমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷