মাৰ্ঘেৰিটা/লিডুঃ যোৱা ০৮ মাৰ্চত তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত পাটকাই পাহাৰৰ লালমাটি শিলটপত কয়লা কঢ়িওৱা গাড়ীৰ চেপাত প্ৰাণ গৈছিল চাহে বংতাই নামৰ এগৰাকী মহিলাৰ৷ মহিলাগৰাকীয়ে পাটকাই পাহাৰৰ শিলটপত গাড়ীৰ পৰা পৰি যোৱা কয়লা, পাহাৰত শুকান গছৰ ডাল সংগ্ৰহ কৰিবলৈ যাওঁতে পাহাৰৰ পৰা বাগৰি অহা শিলৰ খুন্দাত মহিলাগৰাকী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে থিতাতে মৃত্যু হয়৷
ডাম্পাৰেৰে চোৰাং কয়লা সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে ডাম্পাৰৰ পৰা ছিটিকি পৰা কয়লাৰ খুন্দাত খহি অহা শিল গাত পৰি এই কাণ্ড সংঘটিত হৈছিল৷ মহিলাগৰাকী আছিল দৰিদ্ৰ পৰিয়ালৰ৷ দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ হোৱাৰ ফলতেই কয়লা কঢ়িওৱা গাড়ীৰ বিৰুদ্ধে কোনো তদন্ত কৰা নহ’ল৷ দল-সংগঠনেও মাত এষাৰ নিদিলে৷ একো একোটা অঞ্চলৰ পাহাৰ কেইখনৰ পৰা সেই অঞ্চলৰ লোকসকলে শুকান খৰি বিচাৰি ভাত খাজৰ বাবে শুকান খৰি যোগাৰ কৰে৷