গুৱাহাটীঃ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাৱৰ সন্মুখত নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ কেন্দ্ৰীয় চৰকাৰে অসমত বিদেশী সংস্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে যুটীয়া সংসদীয় সমিতিক অসমলৈ আহি অসমীয়াৰ মত গ্ৰহণ কৰাৰ দাবীত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট বুদ্ধিজীৱী, জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই৷

১২ মাৰ্চ অৰ্থাৎ বৃহস্পতিবাৰে অসমৰ একাংশ বচা বচা দল-সংগঠনৰ সাক্ষ্য ল’বলৈ সংসদীয় যুটীয়া সমিতিয়ে দিল্লীলৈ মাতিছিল যদিও হঠাৎ এই কাৰ্যসূচী স্থগিত ৰাখে চৰকাৰে৷ সাক্ষ্য গ্ৰহণৰ বাবে ১২ মাৰ্চৰ দিন ধাৰ্য কৰাৰ পিছৰে পৰা অসমৰ দল-সংগঠনে অসমৰ সকলো দল-সংগঠনৰ মত গ্ৰহণৰ লগতে সংসদীয় যুটীয়া সমিতিক অসমলৈ আহি সাক্ষ্য গ্ৰহণৰ দাবী জনাইছিল৷

বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই, উদায়দিত্য ভৰালী, ড০ দীনেশ বৈশ্য, ডা০ নৱনীল বৰুৱা, ইন্দিবৰ দেউৰী, নিৰুপমা বৰগোহাঁঞি, হাইদৰ হুছেইন, জ্যোতিপ্ৰসাদ শইকীয়া, আব্দুল মান্নান, মনজিৎ মহন্ত, বিজেপি নেত্ৰী মীৰা বৰঠাকুৰ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত প্ৰতিবাদ সাব্যস্ত কৰে৷

বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইয়ে অসমৰ সকলো প্ৰকাৰৰ লোকৰ মত লবলৈ সংসদীয় যুটীয়া সমিতিক সাক্ষ্য লবলৈ অসমলৈ অহাৰ দাবী জনায়৷ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰিব বিচৰাৰ পিছৰে পৰা ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ৰাজ্যৰ জনগণৰ জনমত অগ্ৰাহ্য কৰি কেৱল ভোটৰ স্বাৰ্থত শাসকীয় দলটোৱে অসমৰ মাটিত বিদেশীক বহুৱাবলৈ কুচকাৱাজ চলাই গৈছে বুলি কয় গোহাঁইয়ে৷ সেয়া বিভিন্ন সময়ত শাসকীয় দলটোৰ মন্ত্ৰী-বিধায়ক, নেতাৰ মন্তব্যৰ পৰাই প্ৰকাশ হৈ আহিছে৷ ৰাজ্যৰ ৰাজ পথ উত্তাল কৰি ৰখাৰ পিছতো অসমৰ জনগণৰ ৰায় লব নিবিচাৰি গোপনে বিদেশী সংস্থাপনৰ চেষ্টা চলাই গৈছে বুলি অভিযোগ উত্থাপন কৰে৷  

বিশিষ্ট বুদ্ধিজীৱী ড০ দীনেশ বৈশ্যই কেন্দ্ৰ-ৰাজ্যৰ শাসকীয় বিজেপি দলে ৰাজনৈতিক লাভালাভৰ বাবে বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনি অসমত সংস্থাপন কৰিব বিচৰা বুলি কয়৷ 

পুৱাৰে পৰা অনুষ্ঠিত কাৰ্যসূচীত শাসক আৰু বিৰোধী ৰাজনৈতিক দলৰ লোকো উপস্থিত থাকি নিজ দলৰ আৰু ব্যক্তিগত মত প্ৰকাশ কৰে৷ নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ প্ৰতিবাদস্থলিত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ ৰিপুণ বৰাই যুটীয়া সংসদীয় সমিতিক অসমলৈ আহিব লাগিব বুলি কয়৷ জনগণৰ সাক্ষ্য ল’বলৈ আহিবই লাগিব বুলি কৈ চৰকাৰে অসমৰ ৰাইজৰ মতক উপেক্ষা কৰা বুলি অভিযোগ উত্থাপন কৰে৷

বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে জনগণৰ সাক্ষ্য ল’বলৈ সদন সমিতিক অসমলৈ অহাৰ লগতে সৰ্বানন্দ সোণোৱালৰ ওপৰত ৰাইজৰ আস্থা থকা বুলি কৈ এই আইনৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনায়৷ দিল্লীত বহি সিদ্ধান্ত ললে আমাৰ যন্ত্ৰণাৰ কথা উপলদ্ধি কৰিব নোৱাৰিব বুলি কৈ বৰঠাকুৰে অসমৰ মানুহকো সিদ্ধান্ত লোৱাৰ সুবিধা দিয়ক বুলি কয়৷ প্ৰতিটো সিদ্ধান্ত যদি আপোনালোকে দিল্লীত বহি লয়, ইয়াত আমাৰ কি দুৰ্দশা, ইয়াত আমাৰ কি মানসিক যন্ত্ৰণা দিল্লীত বহি কেতিয়াও উপলদ্ধি কৰিব নোৱাৰিব বুলি মন্তব্য প্ৰকাশ কৰে বিজেপি নেত্ৰীগৰাকীয়ে৷ 

বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা আৰু অসমত হিন্দু বাংলাদেশীক সংস্থাপনৰ বিৰুদ্ধে নাগৰিক আইন সংশোধনবিৰোধী মঞ্চৰ উদ্যোগত অনুষ্ঠিত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকি মত প্ৰকাশ কৰে৷