হোজাইঃ এক বৰ্বৰ, পাশৱিক হত্যাকাণ্ডই কপাই থৈ গৈছিল সমগ্ৰ অসমক। যিটো হত্যাকাণ্ডৰ বাবে ৰাইজ ৰাজ পথলৈ ওলাই আহিছিল। হোজাই জিলাৰ যমুনামুখত যোৱা মে’ মাহত সংঘটিত হৈছিল সেই হত্যাকাণ্ড। এগৰাকী শিক্ষয়িত্ৰীয়ে বিদ্যালয় ছুটী দি ঘৰলৈ আহি থকা অৱস্থাত আদ বাটতে দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰে আৰু মৃতদেহ কপিলী নৈত উটুৱাই দিছিল।
যি কথাই সমগ্ৰ অসমীয়াক লজ্জানত কৰিছিল। মাতৃ, ভগ্নীসকলক সুৰক্ষা দিব নোৱাৰাত খোদ লজ্জানত হৈছিল সমাজ৷ মানৱ সম্পদ গঢ়াৰ খনিকৰসকলক সুৰক্ষা, সন্মান দিবলৈ নিশিকা শিক্ষকৰ মোল বুজি নোপোৱা একাংশ লোকে পশু ৰূপ ধাৰণ কৰা প্ৰায়ে দেখা যায়। এই ঘটনাই হোজাই জিলাৰ যমুনামুখ অঞ্চলত আজিও চাঞ্চল্যৰ সৃষ্টি কৰে৷