বৰপেটাঃ অসম আন্দোলন কোনো মিঞা, মুছলমান, হিন্দুক খেদা আন্দোলন নাছিল। এই আন্দোলন আছিল বিদেশী, বহিৰাগতক খেদা আন্দোলন। অসম আন্দোলনক লৈ ৰাজ্যৰ বিভিন্ন দল, সংগঠনে অযথা, মিছা এটি অপপ্ৰচাৰ চলাইছিল। ধৰ্ম আৰু ভাষাৰ নামত বিভাজনকাৰীয়ে ভোট লাভৰ স্বাৰ্থত তেনে ষড়যন্ত্ৰ ৰচনা কৰিছিল। বৰপেটাৰ পালহাজী বজাৰত শুকুৰবাৰে বিয়লি ২ বজাত অনুষ্ঠিত অসম গণ পৰিষদ দলৰ এখন বিশাল সমাবেশত এই বক্তব্য আগবঢ়ায় ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে।
বৰপেটা বিধান সভা সমষ্টি সমিতি আৰু ৪নং ভেল্লা জিলা পৰিষদৰ উদ্যোগত আৰু বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ সভাপতিত্বত আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি অনুষ্ঠিত সভাত অগপ নেতাগৰাকীয়ে অসমৰ প্ৰকৃত সমস্যা, বিদেশী, বানপানী, গৰাখহনীয়া, নিৱনুৱাক আওকাণ কৰি ৰাইজক সমস্যাসমূহৰ কথা পাহৰাই ৰাখিবলৈ জাতি, ধৰ্মৰ নামত হিংসা বিয়পাই দিয়াৰ চেষ্টা কৰিছে দিল্লীৱালাই বুলি কয়। অসমৰ আচল শত্ৰু দিল্লীস্থিত নেতাসকল বুলি অভিহিত কৰে।