গুৱাহাটীঃ “আহ ঐ আহ/খেতি কৰবাক লেগি/কান্ধত নাঙাল লৈ...”। এখন পথাৰ, হাজাৰ-বিজাৰ সপোন, এখন নৈ আৰু KCC ঋণ। এদিন দুজন ল’ৰা গৈছিল SBIৰ নলবাৰী শাখালৈ। নভবাকৈয়ে তাতেই ৰোপণ হৈছিল বীজ৷ এখন কৃষিপামৰ৷

‘‘এসময়ত চাইকেল লৈ নলবাৰীলৈ যাব বেয়া লাগিছিল৷ আজি বাইক লৈ পামলৈ আহিব পৰা হৈছো। বহুতে KCC ঋণ লয় বুলি আমি তিনিজন লগলাগি এদিন ঋণ বিচাৰি গলো  SBIৰ নলবাৰী শাখালৈ। সঁচাকৈ বেংকৰ ঋণ লৈ খেতি কৰাৰ আমাৰ কোনো পৰিকল্পনা নাছিল। টকাখিনি কিবা-কিবি কামত খৰছ কৰি ঋণ ওভতাই নিদিয়াৰ পৰিকল্পনা আছিল। কিন্তু বেংকলৈ গৈ কেনা লাগিল। বেংকৰ শাখা পৰিচালকে সুধি পেলালে খেতি ক’ত কৰিম ?’’-এনেকৈ সাৱলীলভাৱে নিজৰ উত্তৰণৰ কথা কৈ গৈছে ‘শংকৰদেৱ জৈৱিক কৃষি পাম’ৰ অন্যতম কৃষক গকুল হালৈয়ে।

শাখা পৰিচালকৰ কথাত গোকুল আৰু তেওঁৰ সংগীকেইজনে পাগলাদিয়াৰ পাৰত থকা ঘন জংঘলে আৱৰা মৈৰাদংগা গাৱৰ ৰাজহুৱা মন্দিৰৰ মাটিখিনি দেখুৱাই KCC ঋণ পোৱাৰ ব্যৱস্থা কৰিলে। যেতিয়া ভালদিন আগবাঢ়ি আহি মানুহক নিজে লগ দিয়ে, তেতিয়া কিছুমান কাম নিজে নিজেই ভাল হৈ পৰে৷

গোকুলে আকৌ কৈ গ’ল৷ ২০১২ চনৰ কোনোবা এটা দিনত গকুলৰ লগ ললেগৈ বিপুল হালৈয়ে। তেতিয়ালৈ বিপুল হালৈয়ে নিজাববীয়াকৈ এখন সৰু কৃষিপামৰ কথা ভাবি আছিল। সকলো কথা-বতৰা সঠিকভাৱে আগবঢ়াত আহি পালে ২০১২ চনৰ ৩০ এপ্ৰিল। এই শুভ দিনটোতে গজালি মেলিলে ‘শংকৰদেৱ জৈৱিক কৃষিপামে’।

প্ৰায় ৩০০ বিঘা মাটি বিস্তাৰিত এইখন কৃষিপাম বৰ্তমান অসমৰ অন্যতম সফল কৃষিপাম। মনত স९ সাহস আৰু  সঠিক লক্ষ্যৰে আগবাঢ়িলে যে যিকোনো কামত সফলতা লাভ কৰিব পাৰি তাৰেই অন্যতম নিদৰ্শন গকুল, বিপুল আৰু চাৰিজন সহযোগী। এই কৃষিপামখনক লৈয়ে বৰ্তমান প্ৰায় ৭০ টা পৰিয়ালে সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিবলৈ সমৰ্থ হৈছে৷

প্ৰথমে জংঘলৰে আৱৰা নৈ পৰীয়া মাটিখিনি কৃষি উপযোগী কৰি তুলিবলৈ বহুত কষ্ট কৰিবলগীয়া হৈছিল গকুল-বিপুলে। প্ৰায় তিনি লাখ টকা খৰছ হৈছিল মাটিখিনি কৃষি উপযোগী কৰি তোলাত। এনেদৰেই “মন কৰিলেই ছন, বাকৰি মাটিতে ধন’’ আপ্তবাক্যশাৰী যে এশ শতাংশই শুদ্ধ তাৰ প্ৰমাণ হাতে হাতে লাভ কৰে তেওঁলোকে৷

পাগলাদিয়াৰ পাৰৰ সাৰুৱা মাটিৰ চৌদিশ সেউজীয়াৰে ভৰি থকা এই কৃষিপামখনৰ নৈসৰ্গিক পৰিৱেশ অতিকৈ মোহনীয়। গকুল-বিপুলে জানিবলৈ দিয়া মতে যোৱা ৰবি শস্যৰ বতৰত কেৱল ৰঙালাউ বিক্ৰী কৰি কৃষিপামখনে উপাৰ্জন কৰিছে ১৭ লাখ টকা। উল্লেখ্য, ইয়াত উ९পাদিত ৰঙালাউ সুদূৰ বাংলাদেশলৈকো ৰপ্তানি হয়। ইয়াৰোপৰি পানীলাউ বিক্ৰী কৰি তেওঁলোকে উপাৰ্জন কৰিছে ১.৪০ লাখ টকা।

শেহতীয়াকৈ  কৃষিপামখনত নতুনকৈ ব্যৱসায়িক ভিত্তিত ৰোপণ কৰা হৈছে মধুৰিআম, ষ্ট্ৰবেৰী আৰু ৰজনীগন্ধা ফুল।

পাগলাদিয়াৰ সাৰুৱা মাটিয়ে কৃষিপামখনক সজীৱ কৰি তোলাৰ মাজতে আশংকাৰো কাৰক হৈ পৰিছে নৈখন।নৈখনৰ গৰাখহনীয়াই কৃষিপামখনলৈ মাতি আনিছে বিপদ। বহু অংশ ইতিমধ্য নৈৰ বুকুত জাহ গৈছে। এনেক্ষেত্ৰত গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰি আদৰ্শ কৃষিপামখন জীয়াই ৰখাত প্ৰশাসনে সহায় কৰিলে অদূৰ ভৱিষ্যতে গকুল-বিপুল আৰু তেওঁলোকৰ সহযোগীসকলে আৰু বহু নতুন পদক্ষেপ ল’বলৈ সাহস গোটাব পাৰিব বুলি আশা কৰিব পাৰি।

গকুল-বিপুলে জানিবলৈ দিয়া মতে বৰ্তমান থকা তিনিটা ইউনিট কৃষিপামখনৰ বাবে যথেষ্ট নহয়। কৃষি বিভাগৰ পৰা আৰু ৫টা ইউনিট আৱন্টন পালে কৃষিপামখনে উ९পাদন অধিক বৃদ্ধি কৰিবলৈ সমৰ্থ হ’ব বুলি newsnextone.comৰ আগত সদৰী কৰে গোকুল-বিপুলে৷

বহুজনৰ আদৰ্শ গোকুল-বিপুল আৰু দুয়োৰে সহযোগীসকলৰ সপোনৰ 'শংকৰদেৱ জৈৱিক কৃষিপাম'খন গুৰুজনাৰ দৰেই উজলি থাকক চিৰকাল। যি সময়ত নতুন প্ৰজন্মই কৃষি কাৰ্য কৰিবলৈ লাজ কৰে সেই সময়তে সোঁতৰ বিপৰীতে গৈ কৃষিক সন্মানীয় পেছা হিচাপে গ্ৰহণ কৰা গকুল-বিপুল আৰু তেওঁলোকৰ সহযোগীসকললৈ newsnextone.comৰ পৰা থাকিল অলেখ অভিনন্দন৷