newsnextone.com | গুৱাহাটীঃ বৃহস্পতিবাৰে ঘোষিত হয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল৷ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ কেইবাখনো জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা পৰিলক্ষিত হয়৷ বৃহস্পতিবাৰে কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷
বাণিজ্য শাখাত মুঠ ১৭ হাজাৰ ৭৬৭গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল৷ ফলাফল অনুসৰি বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে ১৫,০৩৮ গৰাকীয়ে। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৩ হাজাৰ ৫২৬ গৰাকীয়ে। দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৪৯৫০ আৰু ৬৫৬২ গৰাকীয়ে। উত্তীৰ্ণৰ হাৰ ২০১৬ বৰ্ষৰ ৮৬.০১ আৰু ২০১৭ বৰ্ষৰ ৮২.৭২ৰ বিপৰীতে ২০১৮ বৰ্ষৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৪.৬৪।