মুম্বাইঃ বেয়া দিন চলিছে কমেডিয়ান কপিল শৰ্মাৰ৷ কেইদিনমান পূৰ্বে সহ অভিনেতা সুনীল গ্ৰোভাৰক কপিল শৰ্মাই এয়াৰ ইণ্ডিয়াৰ বিমানৰ ভিতৰতে শাৰীৰিকভাৱে অপদস্ত কৰা ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ তদুপৰি ছ’চিয়েল চাইটতো বহুজনে অভিনেতাজনৰ এই ব্যৱহাৰৰ সমালোচনা কৰিছিল৷ 

এই ঘটনাৰ সন্দৰ্ভতে এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰিছে এক প্ৰতিবেদন৷ উক্ত প্ৰতিবেদনত প্ৰতিষ্ঠানটোৰ মুখ্য সঞ্চালক অশ্বিনী লোহানে বিমানৰ ভিতৰতে সুৰাপান কৰি সহ অভিনেতাক প্ৰহাৰ কৰাৰ বাবে সকীয়াইছে কপিলক৷  

১৬ মাৰ্চত সংঘটিত হৈছিল এই ঘটনা৷ ৰাজ্যখনৰ অসামৰিক উৰনৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত সিনহাই টুইটাৰৰ জৰিয়তে এই ঘটনাৰ উচিত বিচাৰ হ’ব বুলি কয়। উল্লেখ্য যে অপদস্থ হোৱাৰ পিছতে "দ্যা কপিল শৰ্মা শ্বো" এৰিছিল সুনীল গ্ৰোভাৰে৷ উল্লেখ্য যে সুনীল গ্ৰোভাৰ অবিহনে সাংঘাটিকভাৱে কমিছে অনুষ্ঠানটোৰ জনপ্ৰিয়তা।