ডিজিটেল ডেস্কঃ দেশতে এক বৃহৎ অর্থনৈতিক ক্ষেত্ৰ দখল কৰি ল’বলৈ সক্ষম হোৱা টেলিকম সেৱা জিঅ’ই বৰ্তমান দেশৰ আন আন টেলিকম সমূহৰ বাবে কঢ়িয়াই আনিছে প্ৰত্যাহ্বান৷ জিঅ’ই আৰম্ভণিতে উপভোক্তাক আকৰ্ষণীয় সা-সুবিধা দি ব্যৱহাৰীৰ সংখ্যা বৃদ্ধি কৰি লৈছিল আৰু বৰ্তমানেও জিঅ’ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হৈ আহিছে৷
যাৰ বাবে দেশৰ আন আন টেলিকম সেৱা সমূহৰ উপভোক্তাৰ সংখ্যা নিম্নগামী হৈ অহাত লোকচানৰ সন্মুখীন হ’ব লগাত পৰিছে৷ বিশেষকৈ দেশৰ অন্যতম ব্যক্তিগত খণ্ডৰ টেলিকম কোম্পানী এয়াৰচেলে জিঅ’ৰ পৰা বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ সেৱা বন্ধ কৰিবলৈ বাধ্য হৈছে৷ ইয়াৰোপৰি অন্য দুটা টেলিকম কোম্পানী ভ’ডাফোন আৰু এয়াৰটেলে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহা বুলি খবৰ ওলাইছে৷