এয়াৰটেল-নকিয়াৰ ৫জি, স্পীড ২ জিবি প্ৰতি ছেকেণ্ড

দিল্লীঃ ৰিলায়েন্স জিঅৰ বিনামূলীয়া ৪জি সেৱাই সমগ্ৰ দেশতে টেলিকম ক্ষেত্ৰখনত জোৱাৰ অনাৰ পিছতে এইবাৰ ৫জিৰ ক্ষেত্ৰত জিঅক প্ৰত্যাহ্বান জনাবলৈ মাৰবান্ধি থিয় দিয়াৰ পৰিকল্পনা কৰিছে এয়াৰটেলে।

বিনামূলীয়া ৪জি সেৱাৰ সোৱাদ লোৱা গ্ৰাহকক এইবাৰ ২ জিবিপিএছ ডাটা স্পীড দিয়াৰ বাবে নকিয়া কোম্পানীৰ সৈতে যুটি বান্ধিছে এয়াৰটেলে। এই সন্দৰ্ভত নকিয়াই কয় যে ইণ্টাৰনেট কানেক্টিভিটিৰ প্ৰযুক্তিৰ ওপৰত কোম্পানীয়ে বিশেষ গুৰুত্ব আৰোপ কৰিব। 

এই সন্দৰ্ভত ইণ্টাৰনেট অব থীমচ চমুকৈ আইওটি এপ্লিকেশ্যনৰ ব্যাপক উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব বুলি ভাৰতী এয়াৰটেলৰ নিৰ্দেশক অভয় সবৰগয়েংকাৰে মন্তব্য কৰিছে। 

এই বিষয়ত হৱেইৰ মূখ্য কাৰ্য্যবাহী বিষয়া জে চেনে কয় যে চলিত বৰ্ষৰপৰাই এই প্ৰযুক্তিৰ ওপৰত কাম আৰম্ভ কৰা হ’ব। ৫জি প্ৰযুক্তিৰ যোগেদি ১০০০ এমবিপিএছলৈ ডাউনলোড স্পীড দিব পাৰিব।